Protest Poetry
2
views
Lyrics
আৰু কিমান যুঁজে প্ৰতিবাদী কণ্ঠই মানুহৰ খোজে প্ৰতি প্ৰকৃতিৰ সংশয় পুঁজিপতিৰ প্ৰতি চৰকাৰৰ মৰম আৰু প্ৰলোভন, প্ৰতাৰণা নেদেখে অন্ধই আৰু কিমান যুঁজে প্ৰতিবাদী কণ্ঠই মানুহৰ খোজে প্ৰতি প্ৰকৃতিৰ সংশয় পুঁজিপতিৰ প্ৰতি চৰকাৰৰ মৰম আৰু প্ৰলোভন, প্ৰতাৰণা নেদেখে অন্ধই প্ৰকৃতিক গচকী-মোহাৰি চলে যন্ত্ৰ দাদাগিৰী মাথোঁ নাম গণতন্ত্ৰ সদ্ভাৱ সুচিন্তা নাই ৰাজনীতিত টকাটো main বাকী হওঁক দেশ ধ্বংস টকা গুঁজি দিলে পকেটত পৰি থকা file বোৰো চলে যেন ৰকেটত দল, দল বাগৰিলে চফা হয় দাগ যেন গঙ্গাজল আনি গা ধুৱাই bucket ত দিহিং পাটকাই উদাহৰণ মাথোঁ, উদাহৰণ মাথোঁ, উদাহৰণ, উদাহৰণ মাথোঁ টকা দি আৰু কিমান অবৈধ বৈধ হয়, তাৰ হিচাপনো আমি কিমান ৰাখো? দিহিং পাটকাই উদাহৰণ মাথোঁ টকা দি আৰু কিমান অবৈধ বৈধ হয়, তাৰ হিচাপনো আমি কিমান ৰাখো তাৰ হিচাপনো আমি কিমান ৰাখো? প্ৰকৃতিৰ অসৎ নিষ্কাশন আৰু ভকত অটল অটুট বিশ্বাসত ভুগিব ফল সবেই নিষ্পাপত আৰু সবৰেই স্বাৰ্থ বয় নিঃশ্বাসত প্ৰকৃতিৰ অসৎ নিষ্কাশন আৰু ভকত অটল অটুট বিশ্বাসত ভুগিব ফল সবেই নিষ্পাপত আৰু সবৰেই স্বাৰ্থ বয় নিঃশ্বাসত কি দিহিং, কি ডিব্ৰু, কি ডিবাং ভেলী বচাবলে হ'ব কিমান rally এইবোৰ কথা ক'লে কিমানে হাঁহিব, কিমানে ৰাখিব মনত কিমান দেৰি ভাষণত সানি ৰহণ কণ মিছা ঘোষণা যে উন্নয়ন বহনক্ষম सबका साथ আৰু सब का विकास যদি খিৰতী গাই কিয় অসমখন ভাষণত সানি ৰহণ কণ মিছা ঘোষণা যে উন্নয়ন বহনক্ষম सबका साथ আৰু सब का विकास যদি খিৰতী গাই কিয় অসমখন I'm not against no BJP no Congress Against the system they rule after Angrez Drama in the name of democracy Why so many people still living life of homeless? We talk a lot but পাহৰি যাওঁ সহজতে (পাহৰি যাওঁ সহজতে) Where is the fault, ভুল আমাৰ মগজতে (ভুল আমাৰ মগজতে) We talk a lot but পাহৰি যাওঁ সহজতে অভি-নিল ক'ত আৰু ক'ত ঝংকাৰ কলিকাল মানৱতাহীন কংকাল হত্যাকাৰী ঘূৰে মুকলি আকাশত পৰাগ নে সনাতন কথা ক'ম কাৰ উকীলক টকা দিব আৰু দিব পুলিচক টকা ঢালি দিলেই বাচি যায় culprit দেখা নাই যদি চকু কেইটা খুলি চাওক দেখা নাই যদি চকু কেইটা খুলি চাওক উকীলক টকা দিব আৰু দিব পুলিচক টকা ঢালি দিলেই বাচি যায় culprit দেখা নাই যদি চকু কেইটা খুলি চাওক দেখা নাই যদি চকু কেইটা খুলি চাওক
Audio Features
Song Details
- Duration
- 02:18
- Key
- 5
- Tempo
- 130 BPM