Nakhyatra

3 views

Lyrics

এধানমানি মৰমৰে ভাৰ কিমান
 জুখিব কোনে?
 সুপ্ত নয়নৰে গুপুত অভিমান
 বুজাব কোনে?
 স্মৃতিকোমল বালিচাপৰিত সময় শিশু হৈ খেলে
 সাধুকথা উহনি হৈ ওমলে
 এজাক ৰুদ্ৰ বতাহে পাৰ ভাঙে
 উটুৱায় প্ৰাণ বাৰুদৰ গানে
 এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ
 এখনি ক্লান্ত নদীৰ সীমনাত হাহাকাৰ
 পুৱতি নিশাৰ আকাশত গিলি জোন
 জিলিকিছে নক্ষত্ৰ
 সাৱটি অলেখ তৰালিৰ বৰষুণ
 সোঁৱৰণি নিছিদ্ৰ
 এটি-দুটি ক্ষণ গুঁঠি ফুলে মালতী
 সৰি পৰে নক্ষত্ৰ
 দাদা তই কোন দিশে হেৰুৱালি বাট?
 হেৰুৱালি অস্তিত্ব?
 ♪
 এচেৰেঙা কোমল ৰ'দালিৰ পৰশ
 সমাধিৰ ভূষণ
 প্ৰতিধ্বনিৰ কোলাত আবেলি অলস
 মানৱতা হেৰুওৱা এই পৃথিৱীত
 দানৱৰ শোষণ
 স্বপ্নহীনতাতে ভুগিছে সময়
 সামৰি উত্ৰাৱল সাগৰ-মৰুভূমি
 শোণিতৰ ৰাঙলী ৰহণ চুমি
 বিচাৰোঁ শান্তিৰ এহালি বনৰীয়া পখী
 বিচাৰোঁ শান্তিৰ এহালি বনৰীয়া পখী
 পুৱতি নিশাৰ আকাশত গিলি জোন
 জিলিকিছে নক্ষত্ৰ
 সাৱটি অলেখ তৰালিৰ বৰষুণ
 সোঁৱৰণি নিছিদ্ৰ
 এটি-দুটি ক্ষণ গুঁঠি ফুলে মালতী
 সৰি পৰে নক্ষত্ৰ
 দাদা তই কোন দিশে হেৰুৱালি বাট?
 হেৰুৱালি অস্তিত্ব?
 

Audio Features

Song Details

Duration
06:25
Key
8
Tempo
128 BPM

Share

More Songs by Abhi Saikia

Similar Songs